Nilaanjanā

নিজানৰ এটি অবুজ কোলাহলে
বান্ধি ৰাখে দুটি মন
দুচকুতে আছিলোঁ সজাই
ভাললগা এটি ক্ষণ
সুৰবোৰে তাতেই ভেজা লাগি
মৌনতা হৈ উজায়
খুজি খুপি বুকুতে বহি ৰৈ
কিনো বাঁহী বজায়!

নীলাঞ্জনা
মোৰ আকাশৰ
ফাগুন চোৱাঁনা
এটি সুৰ
পলাশৰ
পৰিসৰ
যাযাবৰ

ফাগুনৰে দুপৰীয়া
তাতে এজাক বতাহ
চিলাখনি উৰি ফুৰা
যেন তোমাক চুমিহে যায়
বতাহত নাচে তাই
ছিঙিও ছিঙা নাই
ধৰাৰে অযুত অভিমান

নীলাঞ্জনা
মোৰ আকাশৰ
ফাগুন হোৱাঁনা
এটি সুৰ
পলাশৰ
পৰিসৰ
যাযাবৰ

মৰমৰে দুটি পখিলা
এজনী কপাহী, এজনী নীলা
গোলাপৰে পাহিতে বহি
কত যে সানিছে ৰং!
উলাহতে নাচে তাই
ভাগৰি ভাগৰা নাই
অভিনয় কি নাজানে তাই

নিজানৰ এটি অবুজ কোলাহলে
বান্ধি ৰাখে দুটি মন
দুচকুৰে আছিলোঁ সজাই
ভাললগা এটি ক্ষণ
সুৰবোৰে তাতেই ভেজা লাগি
মৌনতা হৈ উজায়
খুজি খুপি বুকুতে বহি ৰৈ
কিনো বাঁহী বজায়!

নীলাঞ্জনা
মোৰ আকাশৰ
ফাগুন চোৱাঁনা
এটি সুৰ
পলাশৰ
পৰিসৰ
যাযাবৰ



Credits
Writer(s): Jananjay Saikia, Papon
Lyrics powered by www.musixmatch.com

Link