O Priya

অ প্রিয়া তুমি হয়নে মোৰ
অ জীয়া তুমি মোৰ বুকুৰ
ৰদ সিঁচি সিঁচি চকুতে সাজিলাহি এবুকু সেউজীয়া পথাৰ
সৰিয়হৰ হালধীয়া হোৱা
কেঁচামাটিৰ মোৰ গোন্ধ হোৱা
মন ৰাগিনীৰে বাহিৰে একাজলি সুৰকে হৃদয় উপচাই দিয়া
অ হিয়া তুমি হয়নে মোৰ
অ জীয়া জীয়া মোৰ আপোন
ধুমুহাৰ আঁৰতে তোমাৰ দুচকু দেখোঁ
মনে মাথোঁ বিচাৰে তোমাৰেই উমাল বুকু
উৰুৱাই দিয়া জগাই দিয়া
মৰিব দিয়া জীয়াই দিয়া
কৈ দিয়া আজি পৃথিৱীকে তুমি মোৰ অনাদি কালৰে
অ প্ৰিয়া তুমি হয়নে মোৰ
অ জীয়া তুমি মোৰ বুকুৰ
পোহৰৰ এন্ধাৰৰ নিথৰ নিজান শাওন
ৰৈ চোৱা চুই চোৱা তোমাত যে মইয়ো আছোঁ
সুঁতি এৰি যোৱা নদী হোৱা
মোৰ মৰুভূমি তিয়াই দিয়া
বহু যুগ ধৰি ফুলিব খোজা
ৰংবৰণীয়া কেকটাছ হোৱা
অ হিয়া তুমি হয়নে মোৰ
অ প্রিয় তুমি হয়নে মোৰ
অ হিয়া প্রিয়া তুমি হয়নে মোৰ



Credits
Writer(s): Ajoy Phukan
Lyrics powered by www.musixmatch.com

Link