Kolia Meghe

কলীয়া মেঘে ঢাকিছে ঐ
ধুনীয়া জোনৰ মুখনি ঐ
অভিমানী মন গুচাবলৈ
কি জানো কৰোঁ ক'নানে ঐ
আলেঙে আলেঙে নিবিছাৰো
অনবৰত প্ৰীতিৰে ধৰোঁ
আলেঙে আলেঙে নিবিছাৰো
অনবৰত প্ৰীতিৰে ধৰোঁ
কলীয়া মেঘে ঢাকিছে ঐ
ধুনীয়া জোনৰ মুখনি ঐ

হিয়াঁৰে ভৰালত
মৰম শালি ধান
ডুলিয়ে ডুলিকৈ
লৈয়ে যাবা জান
আকুলতা দিয়াহি মোক
এশাৰী মাতে
ঐ মোলৈ নোচোৱানে
কলীয়া মেঘে ঢাকিছে ঐ
ধুনীয়া জোনৰ মুখনি ঐ

কাষত ৰ'লেও আজি
দূৰে দূৰে যেন পাওঁ
ভুল ক'ত কি বাৰু
বিচাৰি নাপাওঁ
ভালপোৱা বোৰে কয়
মই তোমাৰে
ঐ জনমে জনমে
কলীয়া মেঘে ঢাকিছে ঐ
ধুনীয়া জোনৰ মুখনি ঐ
অভিমানী মন গুচাবলৈ
কি জানো কৰোঁ ক'নানে ঐ
আলেঙে আলেঙে নিবিছাৰো
অনবৰত প্ৰীতিৰে ধৰোঁ
আলেঙে আলেঙে নিবিছাৰো
অনবৰত প্ৰীতিৰে ধৰোঁ
কলীয়া মেঘে ঢাকিছে ঐ
ধুনীয়া জোনৰ মুখনি ঐ
কলীয়া মেঘে ঢাকিছে ঐ
ধুনীয়া জোনৰ মুখনি ঐ
কলীয়া মেঘে ঢাকিছে ঐ
ধুনীয়া জোনৰ মুখনি ঐ



Credits
Writer(s): Zubeen Garg
Lyrics powered by www.musixmatch.com

Link