Moromor Dukhoni - Original

ঐ মৰমৰ দুখনি হাত মেলোনোঁ কাৰে আশাত এনেই
মন ইচাত-বিচাত লাগিছে বসন্তৰ বা গাত . . .
এতিয়া কি কৰোঁ ক'তে মৰো কলৈ যাওঁ বাৰু কোৱাঁ
তুমি মোৰ জীৱনলৈ আহিবা নে নাহা কোৱাঁ . .

অ' চেনেহৰ মৌ-মিঠা মাত কোনে নো চুই যায় হিয়াত
বতাহত লৰে কলৰ পাত তুমি মোৰ সদায় হিয়াত . . .
এতিয়া যি কৰো তাতে দেখো সমাজিকতে জানা
তোমাৰে নো কাষলৈ নাযাওঁ বুলি কিয় ভাবা . . .

ঐ সপোনৰে বাগিচাত ফুলিছে ফুল পাৰিজাত
দিথকত নপৰে মন সাত যৌৱন জুই জ্বলে হিয়াত
এতিয়া যি ভাবো সেয়ে জানো হ'ব জানো সঁচা
তুমি নাজানা নে মোৰে মন আশাৰে ভৰা . . .

এ যৌৱনৰ প্ৰথম পুৱাত সোমালো তোমাৰ হিয়াত ভয়
লাগে দেখোন কলিজাত জীৱনৰ খলা-বমা বাট . . .
এতিয়া সপোন দেখোঁ আশা বান্ধো মনৰ মাজতে জানা
তুমি মন আকাশত জোন হৈ সদায় যেন জিলিকা

ঐ মৰমৰ দুখনি হাত মেলোনোঁ কাৰে আশাত এনেই
মন ইচাত-বিচাত লাগিছে বসন্তৰ বা গাত . . .
এতিয়া কি কৰোঁ ক'তে মৰো কলৈ যাওঁ বাৰু কোৱাঁ
তুমি মোৰ জীৱনলৈ আহিবা নে নাহা কোৱাঁ . .



Credits
Writer(s): Zubeen Garg
Lyrics powered by www.musixmatch.com

Link