Popiya Tora

তুমি যেন পপীয়া তৰা
আকাশৰ বোৱতী নৈ
তুমি যেন আৱৰি ধৰা
ভিতৰে বাহিৰে বৈ
উশাহৰ গভীৰ পিয়াহত
তুমি যেন জীয়া চৰাই হৈ
তুমি যেন পপীয়া তৰা
আকাশৰ বোৱতী নৈ...

তোমাতে আদি-অনাদি
তোমাৰে নামৰ ৰাগিণী
ওঁঠৰে তৃষা সামৰি
দুহাতৰ কোমল আঙুলি
পৰশি উজাই নামনি
আৱেগত বাগৰ সলনি
উশাহৰ গভীৰ পিয়াহত
তোমাতেই লিখা জীৱনী
তুমি যেন পপীয়া তৰা
আকাশৰ বোৱতী নৈ...

বাঢ়ি আহিব দিয়ানা
দুচকুত হেৰাই যোৱানা
সাগৰৰ নাবিক হোৱানা
জাগি উঠিব দিয়ানা
বুকুতে শিপাই যোৱানা
পথাৰৰ পলস হোৱানা
উশাহৰ গভীৰ পিয়াহত
আদৰৰ আঁচোৰ দিয়ানা
তুমি যেন পপীয়া তৰা
আকাশৰ বোৱতী নৈ...



Credits
Writer(s): Rahul Gautam
Lyrics powered by www.musixmatch.com

Link