Rodali Tumi

ৰ'দালি তুমি
পুৱাৰে খিৰিকী-ফাঁকেৰে চুমাহি
ফাগুনী প্ৰাণত
আউলী-বাউলী সপোনৰ চানেকি

বাঢ়িছে উলাহো বুকুতে
নাচিছে জীৱনে হেঁপাহতে
বাঢ়িছে উলাহো বুকুতে
নাচিছে জীৱনে হেঁপাহতে
মৰমৰ দলিচাখন সাৱটি লৈ

ৰ'দালি তুমি
পুৱাৰে খিৰিকী-ফাঁকেৰে চুমাহি
ফাগুনী প্ৰাণত
আউলী-বাউলী সপোনৰ চানেকি

হেঁপাহ-জুনুকাতে শেৱালি-নেৱালী
সপোন-সোণাৰুতে সোণালী বিজুলী
সাজোন-কাচোন হৃদয়ত মৰমৰ

শুকুলা ডাৱৰে আকাশতে উৰে
কঁহুৱা-কঁহুৱা যেন আৱৰণে
ধৰাতো সানিছে উমাল বৰণ

বতাহৰ অমিয়া ভাষাত
ভাললগা এটি কথাত
হিয়াখন বাগৰে

ৰ'দালি তুমি
পুৱাৰে খিৰিকী-ফাঁকেৰে চুমাহি
ফাগুনী প্ৰাণত
আউলী-বাউলী সপোনৰ চানেকি

শিমলু-পলাশৰ এই ৰঙা ৰঙে
সেন্দুৰীয়া বাখৰ যেন কপালতে
উঠিছে প্ৰাণতে অচিনা লহৰ

অ', দুহাততে দুহাত, উশাহে-উশাহে
ৰাঙলী মদাৰৰ ঢৌ বিৰিঙিলে
সৰগী-সৰগী যেন-যেন সপোন

বতাহৰ অমিয়া ভাষাত
ভাললগা এটি-এটি কথাত
হিয়াখন বাগৰে

ৰ'দালি তুমি
পুৱাৰে খিৰিকী-ফাঁকেৰে চুমাহি
ফাগুনী প্ৰাণত
আউলী-বাউলী সপোনৰ চানেকি



Credits
Writer(s): Hrituv Hazarika, Palash Gogoi
Lyrics powered by www.musixmatch.com

Link