Baahi Tumi

বাঁহী বাঁহী বাঁহী তুমি
বজামে মই আলফুলে লৈ
বাঁহী বাঁহী বাঁহী তুমি
সজামে মই হিয়াঁতে থৈ

মোৰ এটি এটি সুৰে সুৰে
বুকু ভৰি তুমি নাচিবা
মোৰ ওঁঠৰ গোপন ভাষাত
সেউজৰ চন্দ নমাবা
বাঁহী বাঁহী বাঁহী তুমি
বজামে মই আলফুলে লৈ

গুণ গুণ গুণ গুণ
ওঁঠৰে গান
কেতিয়াকে শুনাবাহি
ৰুণ জুণ ৰুণ জুণ
নুপূৰ বজাই
মনতে মোৰ সোমাবাহি

চকুত কাজল
পাগল পাগল
চাৱনি লৈ মাৰিবাহি

মোৰ এটি এটি সুৰে সুৰে
বুকু ভৰি তুমি নাচিবা
মোৰ ওঁঠৰ গোপন ভাষাত
সেউজৰ চন্দ নমাবা

বাঁহী বাঁহী বাঁহী তুমি
বজামে মই আলফুলে লৈ

লাহি লাহি আঙুলিৰে
মোৰে হিয়াঁত চুই চোৱাহি
চুমি চুমি কলিজাত মোৰ
দিয়াহি মোৰ সপোন আঁকি
শুই থকা উলাহত মোৰ
কামনাৰে ৰং সানাহি

মোৰ এটি এটি সুৰে সুৰে
বুকু ভৰি তুমি নাচিবা
মোৰ ওঁঠৰ গোপন ভাষাত
সেউজৰ চন্দ নমাবা

বাঁহী বাঁহী বাঁহী তুমি
বজামে মই আলফুলে লৈ
বাঁহী বাঁহী বাঁহী তুমি
বজামে মই আলফুলে লৈ



Credits
Writer(s): Zubeen Garg
Lyrics powered by www.musixmatch.com

Link