Mur Xopun (feat. Enine)

সেমেকা ৰ'দালিত সপোন ৰচোঁ জোনাক বিচাৰি
মনৰ হেঁপাহত উৰা মাৰোঁ যে তোমাক সুঁৱৰি
সাগৰৰ নীলা পানী হৈ বৈ যায় সপোনৰ কোলাত মোক এৰি থৈ
পশ্চিমৰ মলয়া হিয়াৰ আকুলতা গুচাওঁ জানা মই কেনেকৈ?

নিশাৰ আকাশৰ নীৰৱ পৃথিৱী
শান্তিৰ নগৰীত প্ৰেম বাঢ়ি যায়
আবেলিৰ ধেমালিত হেঙুলীয়া বেলিটি
মিঠা-মিঠা আৱেগৰ ৰং সানি যায়
নিশাৰ আকাশৰ নীৰৱ পৃথিৱী
শান্তিৰ নগৰীত প্ৰেম বাঢ়ি যায়
আবেলিৰ ধেমালিত ৰঙা বেলিটি
নকৈ সাজি আপোন গাঁৱলে' যায়

গীতৰ সুৰে সুৰে জোনাকী জুমি চায়
এন্ধাৰ ৰাতিত জোনে পোহৰায়
নৈৰ পাৰে পাৰে কঁহুৱা বলিছে
দুপৰৰ বেলিটি হেঙুল সাজিছে



Credits
Lyrics powered by www.musixmatch.com

Link