Silaa

চিলা-চিলা-চিলা মই
তোৰ আকাশৰে
উৰি উৰি ফুৰোঁ মই
ডাৱৰে পোহৰে
চিলা-চিলা-চিলা মই
তোৰ আকাশৰে
ঘূৰি ঘূৰি ফুৰোঁ মই
মনৰ আশে-পাশে

চিলনীৰ জাক উৰে
ময়ো তাকে খেদি যাওঁ
সূতা কাটি গ'লেও
তোৰেই ঘৰ পাওঁ

চিলা-চিলা-চিলা মই
তোৰ আকাশৰে
উৰি উৰি ফুৰোঁ মই
ডাৱৰে পোহৰে
চিলা-চিলা-চিলা মই
তোৰ আকাশৰে
উৰি উৰি ফুৰোঁ মই
মনৰ আশে-পাশে

বৰষাৰে এই গুণ-গুণ
ৰুণুক-জুনুক সুমধুৰ
উৰিব নোৱাৰোঁ
বৰ কামোৰ (বৰ কামোৰ)
সদায় উৰিবলে' মন যায়
আকাশ ভেদি ভেদি মোৰ
ছিগি হ'লেও পৰিম
আঁচলতে তোৰ (আঁচলতে তোৰ)

চিলনীৰ জাক উৰে
ময়ো তাকে খেদি যাওঁ
সূতা কাটি গ'লেও
তোৰেই ঘৰ পাওঁ

চিলা-চিলা-চিলা মই
তোৰ আকাশৰে
উৰি উৰি ফুৰোঁ মই
মনৰ আশে-পাশে

উখল-মাখল মোৰ সপোন
হাতৰ পাকতে তোৰ
ঘূৰা ঘূৰা লেটাই ঘূৰা
মই আদিম
নাচোনৰে মই পগলা
নাচোনৰে পখিলা
তালে তালে তোৰ ছন্দত
মই নাচিম

চিলনীৰ জাক উৰে
ময়ো তাকে খেদি যাওঁ
সূতা কাটি গ'লেও
তোৰেই ঘৰ পাওঁ

চিলা-চিলা-চিলা মই
তোৰ আকাশৰে
উৰি উৰি ফুৰোঁ মই
ডাৱৰে পোহৰে



Credits
Writer(s): Zubeen Garg
Lyrics powered by www.musixmatch.com

Link