Bhobai Nasilu

ভবাই নাছিলোঁ মোৰ দৰে
তোমাৰ বুকুৰ সপোনবোৰো যে সাৰে থাকে
জনাই নাছিলোঁ মোৰ বাবে
তোমাৰ হিয়াত প্ৰীতিৰ ঢৌবোৰেও খেলি থাকে

ভবাই নাছিলোঁ মোৰ দৰে
তোমাৰ চকুৰ পিয়াহটুপিও হয় মোৰে
জনাই নাছিলোঁ মোৰ বাবে
তোমাক নিমাত জোনাকবোৰেও খেদি ফুৰে

লিখি লিখি থোৱা
অলেখ কবিতাৰ শব্দ তোমাৰ আৱেগৰে

ভবাই নাছিলোঁ মোৰ বাবে
তোমাৰ বুকুৰ সপোনবোৰো যে সাৰে থাকে

তুমি ছুলে সোণ মায়া জাগি উঠে
তুমি প্ৰজাপতি ৰ'দে জানে
তুমি চালেচোন জোন-তৰাবোৰে
পোহৰ সামৰে আঁউসীতে

শেষ উশাহেও ল'ব তোমাতেই জিৰণি
তুমি যে মোৰ আধালিখা জীয়া কাহিনী

মোৰ মন তোমাতেই শেৱালি
মোৰ প্ৰাণ তোমাতেই আজৰি
মোৰ মন তোমাতেই অভিমানী
মোৰ প্ৰাণ তোমাতেই শান্তি

জনাই নাছিলোঁ মোৰ বাবে
তোমাৰ হিয়াত প্ৰীতিৰ ঢৌবোৰেও খেলি থাকে
ভবাই নাছিলোঁ মোৰ বাবে
তোমাৰ বুকুৰ সপোনবোৰো যে সাৰে থাকে



Credits
Writer(s): Borah Prabin
Lyrics powered by www.musixmatch.com

Link