Morom Bukut

নীলিম নীলিম মৰম বুকুত
সপোন সপোন দুচকুত

নীলিম নীলিম মৰম বুকুত
সপোন সপোন দুচকুত
প্ৰণয়ে প্ৰণয়ৰ নৈ হৈ
তেজে তেজে সিৰে সিৰে বৈ
বিয়পিম তোমাৰ গভীৰলৈ

বুকুৱে বুকুৱে সাবতি
চেনেহা চেনেহী
যুৰীয়া মৰমৰে ধেমালী

বুকুৱে বুকুৱে সাবতি
চেনেহা চেনেহী
যুৰীয়া মৰমৰে ধেমালী
প্ৰণয়ে প্ৰণয়ৰ নৈ হৈ
তেজে তেজে সিৰে সিৰে বৈ
মিলি যাম চিৰ জীৱনলৈ

নীলিম নীলিম মৰম বুকুত
সপোন সপোন দুচকুত

সপোনে সপোনে আজি
প্ৰেমৰে লুকাচুৰি
কলিজাত যৌৱনৰে হাঁহি

অ' চকুৱে চকুৱে হাঁহি
প্ৰেমৰে লুকা-চুৰি
মৰম মৰমো অভিমানী
প্ৰণয়ে প্ৰণয়ৰ নৈ
তেজে তেজে সিৰে সিৰে বৈ
মিলি যাম চিৰ জীৱনলৈ

নীলিম নীলিম মৰম বুকুত
সপোন সপোন দুচকুত



Credits
Writer(s): Chandan Kakati
Lyrics powered by www.musixmatch.com

Link