Monore Koina

It's me
And you
Forever
Together
We'll meet again and again
My love is eternal
I'll die for you
I'll cry with you

মনৰে কইনা মোৰ
এৰি গুচি গ'লি মোক
কোনোবা দূৰ পছিমলৈ
তেজৰ আবীৰ ঢালি মোক

ৰঙা এঙাৰ বুকু মোৰ
জ্বলি ছাই হ'বলে' বাকী
দুদিনৰ পৃথিৱীত
আলহী হ'বৰ বাকী

মনৰে কইনা মোৰ
এৰি গুচি গ'লি মোক
কোনোবা দূৰ পছিমলৈ
তেজৰ আবীৰ ঢালি মোক

ৰৈ থমকি পুতি খোপনি
হঠাতে হেৰালে ঠিকনা
নিজা বুলিবৰ আছে আজি কি!
এৰা-পৰলীয়া ভালপোৱা

পানীৰঙৰে ৰংচঙীয়া
কেনভাছতো যে শূন্যতা
উকা কাগজৰ আঁক-বাঁকতো
ঘূৰি-পকি গৈও মোৰ হোৱা
হৈও মোৰে যাৱ আঁতৰি

মনৰে কইনা মোৰ
এৰি গুচি গ'লি মোক
কোনোবা দূৰ পছিমলৈ
তেজৰ আবীৰ ঢালি মোক

Do you breathe?
I don't breathe without you
You sleep?
I don't
I don't sleep without you
My death is in you

অশৰীৰী আৱেগৰে
বাউলী পিয়াসী বাসনা
প্ৰণয়ৰে পকোৱা শিপাৰ
বুকু শুদা কৰা যাতনা

এই সমুখত দেখি থাকোঁতেই
পলকতে হ'লি নোহোৱা
মোৰ আদৰৰ মন-বাখৰৰ
খেদি খেদি যোৱা কামনা
হৈও মোৰে যাৱ আঁতৰি

মনৰে কইনা মোৰ
এৰি গুচি গ'লি মোক
কোনোবা দূৰ পছিমলৈ
তেজৰ আবীৰ ঢালি মোক

It's me
And you
Forever
Together
We'll meet again and again
My love is eternal
My death is in you
I'll die with you



Credits
Writer(s): Rahul Gautam Sharma, Zubeen Garg
Lyrics powered by www.musixmatch.com

Link