Ki Naam Di Maatim

তেজ-বগোৱা সপোন তুমি, কি নাম দিম!
জেদ-কৰোৱা দাপোণ তুমি, কি নাম দিম!

নদী মই, লহৰে সাগৰ বিচাৰে
ময়ো তোমাতে মিলিম, তোমাতে মিলিম

কি নাম দি মাতিম, মাতিম তোমাক!

তেজ-বগোৱা সপোন তুমি, কি নাম দিম!
জেদ-কৰোৱা দাপোণ তুমি, কি নাম দিম!

নদী মই, লহৰে সাগৰ বিচাৰে
ময়ো তোমাতে মিলিম, তোমাতে মিলিম

কি নাম দি মাতিম, মাতিম তোমাক!

এটি প্ৰভাত তোমাৰ হাঁহিত
হেঁপাহৰ বিলখনি জিল্-মিল্-জিল্-মিল্
এটি ৰাতি তোমাৰ চুলিত
এন্ধাৰৰ ধেমালি খিল্-খিল্-খিল্-খিল্

এটি প্ৰভাত তোমাৰ হাঁহিত
হেঁপাহৰ বিলখনি জিল্-মিল্-জিল্-মিল্
এটি ৰাতি তোমাৰ চুলিত
এন্ধাৰৰ ধেমালি খিল্-খিল্-খিল্-খিল্

সাঁথৰৰ কথাৰে পকাবলে' এৰাঁ
চিধা কথাহে বুজিম, বুজালে বুজিম

কি নাম দি মাতিম, মাতিম তোমাক!

তেজ-বগোৱা সপোন তুমি, কি নাম দিম!
জেদ-কৰোৱা দাপোণ তুমি, কি নাম দিম!

ঐনিতমে জুৰায় বুকু
কুন্-কুন্ কাণতে গুণ্-গুণ্-গুণাওঁ
কিনো যাদুৰে দুচকু!
বাসনাৰ একুৰা জুই জ্বলাওঁ

ঐনিতমে জুৰায় বুকু
কুন্-কুন্ কাণতে গুণ্-গুণ্-গুণাওঁ
কিনো যাদুৰে দুচকু!
বাসনাৰ একুৰা জুই জ্বলাওঁ

লাজে-লাজে-লাজে অনুমতি দিয়াঁ
গৈয়ে কাষতে বহিম, কাষতে বহিম

কি নাম দি মাতিম! হোঁ-হোঁ-হোঁ-হোঁ



Credits
Writer(s): Ramen Baruah, Nirmal Prabha Bardoloi
Lyrics powered by www.musixmatch.com

Link