Padmar Dhumuhai

পদ্মাৰ ধুমুহাই উৰুৱাই নিছিলে
হে' আমাৰ সোণৰ ঘৰে-বাৰী
এ' উজনি পানীতে সাঁতুৰি পালোঁহি
বৰ লুইতৰ চাপৰি।

আকৌ বান্ধিম ঘৰ আকৌ গামেই গীত
আপোন হাতে অসমৰ গঢ়িম শাঁত পৰিব চিত।

মনৰে বননিত সমনীয়া, চেনেহৰে নিজৰা
পানীকেহে এটুপি পিওঁ
পোৰাকৈ ভেটিতে অ' চেনাই
তুমিনো ঘৰে বান্ধা
আমি তমাল তুলায়ে দিওঁ।

ভাষা নুবুজিও যুগে যুগে আহে
মানুহে মানুহৰ পিনে
মৰমৰ ভাষাৰে আখৰ নাইকিয়া
এ' বুজিৰ খুজিলেই চিনে।

পীৰিতি পীৰিতি পীৰিতি

পীৰিতি মিঠা চুৰা দৈ
পীৰিতি পীৰিতি পীৰিতি
পীৰিতি বোৱা বোৱঁতী নৈ
পীৰিতি পীৰিতি পীৰিতি
ওৰে জীৱন থাকিব বৈ।

তুমিয়ে ময়ে দেশখন গঢ়োঁতে
যদিহে কেঁচা ঘাম সৰে
দুয়োৰে ঘামৰে মিলনে দেখিবা
বুৰঞ্জী ৰচনা কৰে।

গংগা, পদ্মা, কৃষ্ণা, গোদাৱৰী
ব্ৰহ্মপুত্ৰ, কাবেৰী
সবে মিলি ভাৰত মহাসাগৰলৈ যায়
ৰঙতে বাগৰি বাগৰি

গংগা, পদ্মা, কৃষ্ণা, সোৱণশিৰি
ব্ৰহ্মপুত্ৰ, কাবেৰী
সবে মিলি ভাৰত মহাসাগৰলৈ যায়
ৰঙতে বাগৰি বাগৰি।

পীৰিতি পীৰিতি পীৰিতি
পীৰিতি মিঠা চুৰা দৈ
পীৰিতি পীৰিতি পীৰিতি
পীৰিতি বোৱা বোৱতী নৈ
পীৰিতি পীৰিতি পীৰিতি
পীৰিতি ওৰে জীৱন থাকিব বৈ।



Credits
Writer(s): Bhupen Hazarika
Lyrics powered by www.musixmatch.com

Link