Palasher Rang

পলাশৰে ৰং

পলাশৰে ৰং

কোনেনো সানিলে
এই মিঠা সেউজ বননিত
আৰু তোমাৰ কোমল চাৱনিত

জীৱনৰে ৰং

জীৱনৰে ৰং পলাশে সানিলে
কোমল কোমল ঘাঁহনিত

আৰু তোমাৰ বুকুখনিত

যৌৱনৰে এই বলিয়া বানত
তুমিয়ে ময়ে সাঁতোৰোঁ আহা

মৰমৰে এই এনাজৰীৰে
দুয়ো দুয়োকে বান্ধোঁ আহা

বান্ধ ভাগি গ'লে হেৰাব সৰগ
ধুমুহা আহিব ধৰণীত ।

মনে ভবা কথাটি নেথাকে গুপুত
আৰু কথা থাকিল বহুত

নোকোৱা কথাষাৰি
নোকোৱাকে থাকিলেও
ধৰা পৰে তোমাৰ চকুত
নীলা আকাশত আজি আউজি লৈ
হালিছে জালিছে পলাশৰে ফুল

ফুলতো নহয় এয়া মৰমৰে জুই
নেমানে মৰমে কোনো জাতি কূল

দানৱী বিভেদক মানৱী চেনেহে
কৰিব এদিন পৰাজিত।

পলাশৰে ৰং
কোনেনো সানিলে
এই মিঠা সেউজ বননিত
আৰু তোমাৰ কোমল চাৱনিত



Credits
Writer(s): Bhupen Hazarika
Lyrics powered by www.musixmatch.com

Link