Assom Deshor Bagichare

অসম দেশৰ বাগিচাৰে ছোৱালী
ঝুমুৰ-টুমুৰ নাচি কৰোঁ ধেমালি;
হে' লছমী নহয় মোৰে নাম - চামেলি ।।

শিৰীষ তলে ধৰ্বি পাহি,
পাতা লম্বা পাবি ব'লি;
নাকে পিন্ধি নাকফুলি, জোৱান ভুলালি
হে' চম্পা নহয় মোৰে নাম চামেলি।।

বাৰ মাসেৰ বাৰ ফুল
ভাদ মাসেৰ কেয়াৰে;
কিবা দৰে ছাড়ে গেল'
অভাগিনী পিয়াৰে।
অ' অভাগিনী পিয়াৰে।
ছট' ছট' ছোকড়ী, বৰ বৰ টুক্ৰী
নৰম সবুজ পাতা, তলে ডগ্ ডগ্
জোৱান বুঢ়াৰ আখি দেখ্
কৰে লক্ লক্;
ছট' ছট' বুকখানা কৰে ঢক্ ঢক্;
কি ভাবিস ঐ হামাৰ চাহেলী
মনে ৰাখ মোৰ নাম - চামেলি।

এ' বাপ-দাদা আছিলে কোনোবা মুলুকত;
পিছে, আমি বিহু গাব জানো -

এ' হাঁহে হৈ চৰিমগৈ অ' মইনা
তোমাৰেনো পুখুৰীত
এ' পাৰ হৈনো পৰিমগৈ চালত;
এ' ঘামে হৈ সোমামগৈ অ' মইনা
তোমাৰেনো শৰীৰত;
মাখি হৈনো চুমা দিম গালত ।

ভাদৰ মাসত ধম্ ধমা ধম্
কৰম পূজাত ধম্ ধমা ধম্
বাজাও আমি ধম্ ধমা ধম্
মাদল চাওতালী।

ঐ মুখাপিন্ধা, তই কোন ছোৱালীৰে
আৰে' বীৰবলৰ বেটি তই কি হাণ্টাৰৱালী
নে' পিস্তলৱালী! আৰে পাগলী!

ওঁ-হুঁ, পাগলী নহয় মোৰে নাম চামেলি
বীৰবলেৰ বেটী মোৰ নাম চামেলি
অসম দেশৰ বাগিচাৰে ছোৱালী
ঝুমুৰ-টুমুৰ নাচি কৰোঁ ধেমালি
হে' লছমী নহয় মোৰে নাম - চামেলি
বীৰবলেৰ বেটী মোৰ নাম চামেলি
অসম দেশত আমি ফুৰোঁ উমলি ।

চৰ্দাৰ ব'লে কাম কাম
বাবু ব'লে ধৰি আন
চাহেব ব'লে লিব পিঠেৰ ছাম
অ' বিদেশী শ্যাম
ফাঁকি দিয়ে আনিল আসাম।



Credits
Writer(s): Bhupen Hazarika
Lyrics powered by www.musixmatch.com

Link