Megha Gir Gir Karay

মেঘে গিৰ্ গিৰ্ কৰে
আ-হা হিৰ্ হিৰ্ মেঘে কৰে
বা লাগি আগলতি
কলাপাত লৰে
এজাক যেন বৰষুণ
আহোঁ আহোঁ কৰে।।

বহু দিনে ছন পৰা
মোৰ গাঁৱৰ মাটিডৰা
চহ কৰি সেউজ কৰিম
আনন্দে নধৰে।।

ধান নিদিওঁ ঋণো নলওঁ
সুদ নিদিওঁ আৰু ।
মহাজনৰ নিঠুৰ বুধি
সহোঁ কেলেই বাৰু?
বহুতো যে ঘাম সৰালোঁ
তেজো বুকুৰ বহু দিলোঁ
কাঁচিখনত শান দিলোঁ
সাহস ভৰি পৰে।



Credits
Writer(s): Bhupen Hazarika
Lyrics powered by www.musixmatch.com

Link