Alop Hanti Diya

অলপ শান্তি দিয়া ।
অলপ মৰম দিয়া ।।
অলপ জিৰণি দিয়া ।
সপোন চোব দিয়া ।।
অলপ শান্তি দিয়া ।
অলপ মৰম দিয়া ।।
অলপ জিৰণি দিয়া ।
সপোন চোব দিয়া ।।
মৰন যজ্ঞৰ ধোৱা ।
স্বাধীনতা বুলি কোৱা ।।
কাৰ বাবে কোৱা ।
কোনে দেখিব কোনে বুজিব কোন ৰবগৈ কোৱা।।
নিজক সুধি চোৱা ।
চকু মেলি চোৱা ।।
মৰিশালিৰ বাট নিজে খুলি ল'লা ।
ঘৰখনি দিয়া ।
মা দেউতা দিয়া ।।
ভাই - ভনী দিয়া ।
দিয়া ঘূৰাই দিয়া ।।
বানক ৰুধি দিয়া ।
পঠাৰ ঘূৰাই দিয়া ।।
ভঁৰাল পুৰাই দিয়া ।
দিব পাৰা যদি তুমি
চকুলো মচি দিয়া ।
হাঁহি ঘূৰাই দিয়া ।
বুকু ভৰাই দিয়া ।।
যদি দিব পাৰা কোৱা
অলপ শান্তি দিয়া ।
অলপ মৰম দিয়া ।।
অলপ জিৰণি দিয়া ।
সপোন চোব দিয়া ।।
অশ্ৰুসিত আইৰ চকুত
বেদনাৰে জুই ।
কোনে নুমাব কোনে বুজাব
আছে সকলো শুই
চেঁচা গধূলি চেচা পদূলি
চোতালৰে জুন
কাৰ পৰাণত আছে সকতি
ঘূৰাই আনিব কোন ।
মৰন যজ্ঞৰ ধোৱা ।
স্বাধীনতা বুলি কোৱা ।।
কাৰ বাবে কোৱা ।
কোনে দেখিব কোনে বুজিব কোন ৰবগৈ কোৱা।।
নিজক সুধি চোৱা ।
চকু মেলি চোৱা ।।
মৰিশালিৰ বাট নিজে খুলি ল'লা ।
অলপ শান্তি দিয়া ।
অলপ মৰম দিয়া ।।
অলপ জিৰণি দিয়া ।
সপোন চোব দিয়া দিয়া ।
বানক ৰুধি দিয়া ।
পঠাৰ ঘূৰাই দিয়া ।।
ভঁৰাল পুৰাই দিয়া ।
দিব পাৰা যদি তুমি
চকুলো মচি দিয়া ।
হাঁহি ঘূৰাই দিয়া ।
বুকু ভৰাই দিয়া ।।
যদি দিব পাৰা কোৱা
অলপ শান্তি দিয়া ।
অলপ মৰম দিয়া ।।
অলপ জিৰণি দিয়া ।
সপোন চোব দিয়া ।।
অলপ শান্তি দিয়া ।



Credits
Writer(s): Zubeen Garg
Lyrics powered by www.musixmatch.com

Link