Dewotayeu Nubujile

দেৱতাইও ও নুবুজিলে
তোমালোকৰ মন,
দেৱতাইও ও নুবুজিলে
তোমালোকৰ মন
আমি তেনেহ'লে
কোননো কোৱা
এই বয়সতে তোমালোকৰ
মন পাবলে,
আমি তেনেহ'লে
কোননো কোৱা
এই বয়সতে তোমালোকৰ
মন পাবলে ।
আজিকালি ছোৱালীলৈ
চাবকে নাপায়
আজিকালি ছোৱালীলৈ
চাবকে নাপায়
মৰম এজনলে চাৱনি আনলে
দুদিনীয়া মৰম দি
মিছাকৈ কলিজা কপায়
মৰম এজনলে
চাৱনি আনলে
দুদিনীয়া মৰম দি
মিছাকৈ কলিজা কপায়
দীঘল ওৰণি কোনেনো টানি
বাহী চোতাল ঘৰ পুৱাতে সাৰি
গোঁসাই ঘৰতে আশাৰ চাকি
কোনেনো বাৰু জ্বলাব আহি
আজিকালিৰ ছোৱালীয়ে
জানিও নাজানে
সঁচা কথা কলে
জগৰে লাগে
পাম জানো আমি
বিচাৰিলে আজি
এই যুগত আছেনে
কোনোবা সতী সাবিত্ৰী
পাম জানো আমি
বিচাৰিলে আজি
এই যুগত আছেনে
কোনোবা সতী সাবিত্ৰী
আঁচল খহাই মৰম দিয়া
মৰম নহয় যেন দেহাৰে বেহা
দুদিন গলেই আমনি লগা
মৰম জানো তেনেকুৱা
আজিকালি ছোৱালীয়ে
চিনিও নিচিনে
চিনি পালেও
নোপোৱাৰে ভাওহে ধৰে
কিনো কম আমি
মাৰিব ফিটাহি
কাউৰীৰে বাহতে
জুই নলগাও নিকি
কৈ থলো আজি
লিখি থবা তুমি
মৰমে বিচাৰি পাব
মোৰ সঁচা লগৰী
দেৱতাইও ও নুবুজিলে
তোমালোকৰ মন,
দেৱতাইও ও নুবুজিলে
তোমালোকৰ মন
আমি তেনেহ'লে
কোননো কোৱা
এই বয়সতে তোমালোকৰ
মন পাবলে,
আমি তেনেহ'লে
কোননো কোৱা
এই বয়সতে তোমালোকৰ
মন পাবলে ...



Credits
Writer(s): Zubeen Garg
Lyrics powered by www.musixmatch.com

Link