Podulite Roi Nahor

ঐ নাহৰ ঐ ঐ ব'হাগক ৰঙালি তই
ৰঙা পাতে বগা ফুলে অ নাহৰ ঐ
ঐ নাহৰ ফুলাৰ বতৰ ঐ নাহৰ মোৰ মৰমৰ
(পদুলিতে ৰৈ ৰৈ নাহৰ ঐ ব'হাগ আহিছে জানিলি কেনেকৈ)২
ৰঙা পাতে বগা ফুলে পৰিলি ধুনীয়া হৈ
নাকি চিঙি চিলৰে ফাগুনী উৰিলে
চ'তৰে চোতালত চেৰেকী ঘূৰিলে
ঢোলেও মাতিলে ঢেকীৰ মাতে শুনি ঐ
পদুলিতে ৰৈ ৰৈ নাহৰ ঐ
(বুকুৰে ব'হাগো আহে ঐ যৌৱনৰ জাঁজীও ভৰে ঐ)২
জাননে নাজান মন চানেকিতে ফুলত গৈ ফুলে হয়
(তয়ে মোৰে মৰম তই নাহৰ ঐ)২
পদুলিতে ৰৈ ৰৈ নাহৰ ঐ
ঐ নাহৰ ফুলাৰ বতৰ ঐ নাহৰ মোৰ মৰমৰ
(মাকো এটি হৈ হৈ নাহৰ ঐ উজান আনিলি তাঁতৰ হাললৈ)২
চেনেহীয়ে গামোচাতে তুলিলে ফুল চেনাই লৈ
বুকু মহুৰাৰে উকা হৈ পৰিলে
বিহুৱাৰ বুকুতে নাচনী নাচিলে
লাহী কঁকাল ঘূৰিল টাকুৰি যেন হৈ
মাকো এটি হৈ ৰৈ নাহৰ ঐ
(বিহুৰে কিনো বা ব'লে ঐ যৌৱনৰ অগনি জ্বলে ঐ)২
সোমাব নোখোজে হিয়া শাত নপৰে তোকে নেদেখাকৈ
(তয়ে মোৰে মৰম তই নাহৰ ঐ)২
(পদুলিতে ৰৈ ৰৈ নাহৰ ঐ ব'হাগ আহিছে জানিলি কেনেকৈ)৩
ঐ নাহৰ মোৰ মৰমৰ
{মিগাং মৃন্ময় মিলি, গাওঁ-বিহগুৰি, ডাক-কামদেৱাল, জিলা-শোণিতপুৰ(অসম), পিন-৭৮৪১৬৯, ফোন-৯৫৭৭০০৬৩৫৬, ৮৪০৪০৯৬৪৯৮, ৮৫৫৭৯৩৫১৪১}



Credits
Writer(s): Apurba, Sunit
Lyrics powered by www.musixmatch.com

Link