Nayak Hobo

কিনো তই বিচাৰি আজি কিনো পালি?
বুজিবলে' আছে কোন!
যাকেই আপোন বুলি লৱ আঁকোৱালি
সিয়েই আঁতৰিলচোন

কোনো নাই তোৰ কাষতে আজি আপোন বুলিবলে'
জন-অৰণ্যৰ মাজতো আছ অকলশৰে
কোনো নাই তোৰ কাষতে আজি আপোন বুলিবলে'
জন-অৰণ্যৰ মাজতো আছ অকলশৰে

নায়ক হ'ব খুজি খলনায়ক হ'লি
কিনো বিধি সকৰুণ!

জীৱনৰে প্ৰতিপল যাৰ বাবে বিলাই দিলি
সিহঁতৰো আজি তোৰ বাবে ভাবিবৰ আহৰি নাই
জীৱনৰে প্ৰতিপল যাৰ বাবে বিলাই দিলি
সিহঁতৰো আজি তোৰ বাবে ভাবিবৰ আহৰি নাই

কালিৰে তোৰ লগৰী আজি যে গ'ল আঁতৰি
ভুলৰ বলি হ'লি তই

নায়ক হ'ব খুজি খলনায়ক হ'লি
কিনো বিধি সকৰুণ!
কিনো তই বিচাৰি আজি কিনো পালি?
বুজিবলে' আছে কোন!

মানুহৰে মনবোৰো তই কিয় নিচিনিলি?
ফুলনিৰ কাঁইটকে যে ফুল বুলি তুলিলি
মানুহৰে মনবোৰো তই কিয় নিচিনিলি?
ফুলনিৰে কাঁইটকে ফুল বুলি তুলিলি

কাঁইটে যে বাঁকোহা দুহাতৰে তেজে চায়
বেজাৰ কৰি লাভ নাই

নায়ক হ'ব খুজি খলনায়ক হ'লি
কিনো বিধি সকৰুণ!
কিনো তই বিচাৰি আজি কিনো পালি?
বুজিবলে' আছে কোন!

কোনো নাই তোৰ কাষতে আজি আপোন বুলিবলে'
জন-অৰণ্যৰ মাজতো আছ অকলশৰে
কোনো নাই তোৰ কাষতে আজি আপোন বুলিবলে'
জন-অৰণ্যৰ মাজতো আছ অকলশৰে

নায়ক হ'ব খুজি খলনায়ক হ'লি
কিনো বিধি সকৰুণ!
কিনো তই বিচাৰি আজি কিনো পালি?
বুজিবলে' আছে কোন!



Credits
Writer(s): Zubeen
Lyrics powered by www.musixmatch.com

Link