Nayak - Title Track

মুখা মুখা
কিয় পিন্ধা এই মুখা?
ঘনে ঘনে তুমি ৰূপ সলোৱা;
কোনোবা যে তোমাৰ বাবে ৰৈ থকা
তুমি চাগে কাহিনীও নেদেখা
মুখাৰে আঁৰতে ক'ত খেলা
মুখাৰে আঁৰতে ক'ত লীলা
মুখাৰে আঁৰতে ক'ত মিছা
মুখাৰে আঁৰত জিয়াবা কিমান?

বুকুৱে বুকুকে ভাঙে
হিয়াই হিয়াকে বেছি দিয়ে,
মগজুৰে চুকে-কোণে
কিল-বিলাই ফুৰে পোকবোৰে
মুখাৰে আঁৰত কোনোবা ক'লা
মুখাৰে আঁৰত কোনোবা বগা
মুখাৰে আঁৰত ক'ত চলনা
মুখাৰে আঁৰত জিয়াবা কিমান?

কোনোৱে গিলিছে গোগ্ৰাসে
কোনোৱে আঁজুৰিছে দহ-হাতে
কোনোৱে বধিছে দশোদিশে
দেৱতা হোৱাৰ হাবিয়াসে।
মুখাৰে আঁৰত ক'ত গুণা-গঁথা
মুখাৰে আঁৰত ক'ত ভাওনা
মুখাৰে আঁৰত ক'ত জ্বলা-পুৰা
মুখাৰে আঁৰত জিয়াবা কিমান?

মুখা মুখা
কিয় পিন্ধা এই মুখা?
ঘনে ঘনে তুমি ৰূপ সলোৱা;
কোনোবা যে তোমাৰ বাবে ৰৈ থকা
তুমি চাগে কাহিনীও নেদেখা
মুখাৰে আঁৰতে ক'ত খেলা
মুখাৰে আঁৰতে ক'ত লীলা
মুখাৰে আঁৰতে ক'ত মিছা
মুখাৰে আঁৰত জিয়াবা কিমান?



Credits
Writer(s): Zubeen Garg
Lyrics powered by www.musixmatch.com

Link