Kahinir Dore

কাহিনীৰ দৰে দুহাতৰ পাখি লাগি আমি যেন উৰি যাম
পৃথিৱীৰ দৰে আন এখন ধৰা সাজি আমি যেন মিলি যাম
ফুলিব য'ত হেজাৰ নুফুলা পাহি
খুলিব যত বাধাৰ নোখোলা প্ৰাচীৰ
ৰাগী লাগি ৰাগী ৰাগী মন
অ অ অ
কাহিনী কাহানী যদি সচা হয়
আমাৰ কাহিনী জানোচা লিখা ৰয়
কাহিনী কাহানী যদি সচা হয়
আমাৰ কাহিনীও যুগমীয়া হয়

মনৰ কাৰেং পোহৰ পোহৰ
অতিথি মোৰ স্বাগতৰ
সোণৰ চেলেং ৰূপৰ কোৱঁৰ
পদুলিত কাৰ আগমন

প্ৰেমৰ দেশ গঢ়িমেই
আদেশ মনৰ মানিমেই
শেষটুপি তেজলৈ
ফেৰ পাতি যুঁজিমেই
যুঁজি যুঁজি মৰম জীমেই
অ অ অ
কাহিনী কাহানী যদি সচা হয়
আমাৰ কাহিনী জানোছা লিখা ৰয়
কাহিনী কাহানী যদি সচা হয়
আমাৰ কাহিনীও যুগমীয়া হয় ।

আখৰ আখৰ মনৰ হেপাহ
আজি শব্দ হয় প্ৰাণ পাই
সাঁথৰ সাঁথৰ মনৰ উলাহ
বুজিও অৰ্থ যেন গান গাই

এয়ো টো সমাজে মোৰ প্ৰেমক নুবুজে
নাই আমি নামানো হাৰ ইমান সহজে
প্ৰেমে প্ৰেমে প্ৰতিবাদী মন

অ অ অ

কাহিনী কাহানী যদি সচা হয়
আমাৰ কাহিনী জানোছা লিখা ৰয়
কাহিনী কাহানী যদি সচা হয়
আমাৰ কাহিনীও যুগমীয়া হয় ।



Credits
Writer(s): Ibson Lal Baruah
Lyrics powered by www.musixmatch.com

Link