Tukura Tukur

টুকুৰা টুকুৰ কৰি
চিঙিব কোনে কোৱা
মৰমৰে এনাজৰী
দুটি মনে বান্ধি থোৱা
টুকুৰা টুকুৰ কৰি
চিঙিব কোনেনো কোৱা
মৰমৰে এনাজৰী
দুটি মনে বান্ধি থোৱা
অন্ধ নিয়মে যদি
মিলিব নিদিয়ে তেনে
অস্ত বেলিয়ে যদি
পুৱতিৰ বতৰা আনে
প্ৰতিবাধা ভাগি আগুৱাম আমি
প্ৰেমে প্ৰেমে প্ৰতিবাদী মন
আজি
অ'...
আজি
অ'...
সমাজ পাতি ললো
য'ত সমতাৰ চানেকি নাই
আপোন বুলি সাবটিলো
আপোনো আঁতৰি যায়
সমাজ পাতি ললো
য'ত সমতাৰ চানেকি নাই
আপোন বুলি সাবটিলো
আপোনো আঁতৰি যায়
এতিয়া হাতে হাতে হাত
এতিয়া যুগমীয়া বাট
খেদি খেদি সপোন
আগুৱাম
টুকুৰা টুকুৰ কৰি
চিঙিব কোনে কোৱা
মৰমৰে এনাজৰী
দুটি মনে বান্ধি থোৱা
অ'...
কিমাননো দূৰ হ'ব
এই বিভেদৰ পৰিসীমা
অৱহেলাৰ সিটো পাৰে
মৰমৰ দ্ৰাঘিমা
কিমাননো দূৰ হ'ব
এই বিভেদৰ পৰিসীমা
অৱহেলাৰ সিটো পাৰে
মৰমৰ দ্ৰাঘিমা
কিছু দূৰ আছে যাবলৈ
কিছু ক্ষণ আছে ৰ'বলৈ
নতুনৰ পাতনি মেলিবলৈ
টুকুৰা টুকুৰ কৰি
চিঙিব কোনে কোৱা
মৰমৰে এনাজৰী
দুটি মনে বান্ধি থোৱা
টুকুৰা টুকুৰ কৰি
চিঙিব কোনে কোৱা
মৰমৰে এনাজৰী
দুটি মনে বান্ধি থোৱা
অন্ধ নিয়মে যদি
মিলিব নিদিয়ে তেনে
অস্ত বেলিয়ে যদি
পুৱতিৰ বতৰা আনে
প্ৰতিবাধা ভাগি আগুৱাম আমি
প্ৰেমে প্ৰেমে প্ৰতিবাদী মন
আজি
অ'...
আজি
অ'...



Credits
Writer(s): Ibson Lal Baruah
Lyrics powered by www.musixmatch.com

Link