Lahe Dei - Original

লাহে দৈ বেলি ঐ
যাগৈ যাবৰে হ'ল
মনে মোৰ প্ৰিয়াক লৈ
এপাক ওলাবৰ হ'ল

নীলিম নয়নে নয়ন লৈ
বুকুতে মূৰটি গুজি থৈ
হিয়াৰে হিয়াতে খেলিবৰ হ'ল
হিয়াৰে হিয়াতে খেলিবৰ হ'ল
লাহে দৈ বেলি ঐ
যাগৈ যাবৰে হ'ল

লাহে লাহে মনে মনে
কাণতে ওঁঠ লগাই ঐ
ভালপোৱা দিম জগাই
লাহে লাহে মনে মনে
কাণতে ওঁঠ লগাই ঐ
ভালপোৱা দিম জগাই

এঢলীয়া ৰ'দে জোকাব খুজিলে
ৰ'ম আঁচলতে লুকাই ঐ
থাকিব দে ছায়া হৈ
মুকুতা মুকুতা পলক দুয়োৰে
আৱেগে কৰে সজল

বিৰিণা বন হালে জালে
প্ৰিয়া কাষতে ৰ'লে ঐ
গাতে গা এৰি দিলে
বিৰিণা বন হালে জালে
প্ৰিয়া কাষতে ৰ'লে ঐ
গাতে গা এৰি দিলে

দহি গুঁঠা ৰঙা আঁচলো উতলা
নুজুৰে দুটি দেহা ঐ
নিলাজ ৰ'দ লৈয়ে যা
নিজানে নিজানে মৰমে জানিছে
ফাগুনৰে দিয়া ঢল

লাহে দৈ বেলি ঐ
যাগৈ যাবৰে হ'ল
মনে মোৰ প্ৰিয়াক লৈ
এপাক ওলাবৰ হ'ল

নীলিম নয়নে নয়ন লৈ
বুকুতে মূৰটি গুজি থৈ
হিয়াৰে হিয়াতে খেলিবৰ হ'ল
হিয়াৰে হিয়াতে খেলিবৰ হ'ল
লাহে দৈ বেলি ঐ
যাগৈ যাবৰে হ'ল



Credits
Writer(s): Zubeen Garg
Lyrics powered by www.musixmatch.com

Link