Aparoopa Aparoopa

অপৰূপা! অপৰূপা!!
অসীমৰ নীল-নভত
তুমি এক বিন্দু অনন্ত।।

অপৰূপা
তুমি মুক্তা, তুমি মুক্তা
অনুভৱ জানো তুমি কৰা নাই!

মকৰা জালৰ ভাঙিলা সজা
পাতলালাঁ তুমি দুখৰ বোজা
পলাতকা হৈ এতিয়া কিয়নো
বিহংগ হ'ব খোজা
মাটিৰ মধু জানো দেখা নাই।।

তোমাৰ হাতৰ মুঠিতে আছে
তোমাৰ জীৱন ৰথ
ভাঙিব পাৰাঁ, গঢ়িব পাৰাঁ
তোমাৰেই নিজা পথ ।
তোমাৰ যুক্তি হেৰোৱা নাই ।।
অপৰূপা! অপৰূপা!!



Credits
Writer(s): Bhupen Hazarika
Lyrics powered by www.musixmatch.com

Link