Bhal Puware

ভালপোৱাৰে অকমানি
বিৰিশৰে ছাঁ সেউজীয়া

ৰঙা ৰুমালে ৰং উৰালে
উৰি ফুৰে মন উৰনীয়া
চিনা অচিনা মোৰ পৃথিৱী
মৰমে নিজৰকৈ বান্ধিলে
বুজা নুবুজা ক'তনা ভাষা
আবেগে আকোঁলে বান্ধিলে

ভালপোৱাৰে অকমানি
বিৰিশৰে ছাঁ সেউজীয়া
না' না' না...
এখোজী দুখোজী সপোনে
লৰ মাৰি উৰি উৰিব খোজে

এহেজাৰ অনুৰাগৰে আকাশতে চিলা উৰুৱাই
তিৰবিৰ ত'ৰাবোৰকো চিঠিবোৰ দিবলে বিলাই
এথুপি দুথুপি আদৰে থাপ মাৰি ধৰিব খোজে

এসাগৰ ভালপোৱা মোৰ ফুলি ৰ'ৱ ৰ'দকে ধিৱাই
জোন হৈ ৰাতিবোৰকো তুলিবহি যেন পোহৰাই
মিলিজুলি মৰমৰ নিচুকনি গাই

ভালপোৱাৰে অকমানি
বিৰিশৰে ছাঁ সেউজীয়া

ৰঙা ৰুমালে ৰং উৰালে
উৰি ফুৰে মন উৰনীয়া
চিনা অচিনা মোৰ পৃথিৱী
মৰমে নিজৰকৈ বান্ধিলে
বুজা নুবুজা ক'তনা ভাষা
আবেগে আকোঁলে বান্ধিলে

ভালপোৱাৰে অকমানি
বিৰিশৰে ছাঁ সেউজীয়া



Credits
Writer(s): Rahul Gautam Sharma, Zubeen Garg
Lyrics powered by www.musixmatch.com

Link