Nodi

চিনাকি পানীৰ সুতে সুটে
হাওলি হাওলি বতাহ চলে
নিমাতি ঘাটৰে ঢৌৱে ঢৌৱে
সপোন যেতিয়া দিঙা মেলে
ৰঙচুৱা বেলিটিৰে ৰঙে
গধুলিৰে সূৱৰনী আনে
লৰালিৰে ধেমালিৰে
লৰালিৰে ধেমালিৰে
লাহে লাহে দুচকুতে
লুণীয়া নিয়ৰ উমলিলে

বাগৰি বাগৰি সিলনী বাগৰি
নদী যায় অসিমলে
কঁপনি কঁপনি বুকুতে কঁপনি
বান্ধি লয় হেলাৰঙে
যাযাবৰী মনে আজি ছাতি ধৰে
নদী দেখি উৰামাৰে অতীতলৈ
জীৱনৰে যত কথা নদী খনেই জানে
নদী খনেই বুজে

নিগৰি নিগৰি সাৱটি সলনি
নদী যায় সময়েৰে
পুৰণি পুৰণি কাহিনী সুওৰি
লিখি থয় জীৱনৰে
আয়ুসৰে আচৰেও হাঁহি মাৰে
কপালত একা বেকা ছবি আঁকে
জীৱনৰে যত কথা নদী খনেই জানে
অ নদী খনেই বুজে



Credits
Writer(s): Samir, Nilotpal Bora
Lyrics powered by www.musixmatch.com

Link