Aaho Nahu

আহো নাহো সুৰৰ দৰে
তোমাৰ সেই সুবাস

ফুলে পাতে লাগি আছে
নিবিড় মোৰ উশাহ

বতাহতে বাজে ৰুণজুন
এটি দুটা কথা থুনথুন

এতিয়াও ইয়াত
আহো আহো সুৰৰ দৰে
তোমাৰ সেই সুবাস

থুনুক থানাক মাতৰ সপোন
আজিও হাত বাউলে চোন
দুখৰ দিনৰ তৰা হৈ আপোন

এপল দুপল পাৰ হৈ যায় চোন
ঘুৰি নাহে মৰমৰ জোন
শেৱালিও শুকায় মোৰে সোণ

বতাহতে বাজে ৰুণজুন
এটি দুটা কথা থুনথুন

এতিয়াও ইয়াত

আহো নাহো সুৰৰ দৰে
তোমাৰ সেই সুবাস

নিচুকাবলে আছে কোন
ওমলাবলে আছে কোন
আছেনো মোৰ কোৱাছোন

নিজৰ বুলিবলে নো কোন
আপোন বুলিবলে নো কোন
জীয়াই থাকিবলে নো কোন

বতাহতে বাজে ৰুণজুন
এটি দুটা কথা থুনথুন
এতিয়াও ইয়াত

আহো নাহো সুৰৰ দৰে
তোমাৰ সেই সুবাস



Credits
Writer(s): Zubeen Garg
Lyrics powered by www.musixmatch.com

Link